Skip to main content

Assamese poem

*****Suicide Note*****

মা...
তুমি যে কৈছিল
এইবাৰ পৰীক্ষা ভাল হ'লে
তুমি মোক শ্ৱিলংলৈ নিবা
যত আমি আমেজ লম
শীতল মাদকতা ।‌।‌
মা মই বুজি পোৱা নাই
পৰীক্ষা ভাল মানে কি ?
মই যিখিনি লিখিলো পৰীক্ষাত
সেইখিনি নম্বৰ পোৱাটো,
নে তুমি সাজি থোৱা
বাহঁৰ উৰাজাহাজেৰে
আকাশ চুৱাটো  ?
মা আজি পৰীক্ষাৰ ৰিজাল্ট দিছে
মোৰ ভাল হৈছে মা
অংক, ইংৰাজীত ২ নম্বৰ কম
মই ভবাতকৈ......বাকী বোৰ একেই
মই 3rd division পাইছো,
মা .......তুমি কান্দিছো ?
মোক শ্ৱিলংলৈ নিনিয়া মা ?
উম ! শুনিছো মইও
দেউতাৰ টকাবোৰ বোলে
মই পানী কৰিলো ,
মানুহে কৈছে
মই বোলে অলগদ্ধ ??!
মা তুমি....তুমিও ভাবিছা
আনৰ দৰে ,
মই দেউতাক দিয়া দুখবোৰ
মোক ঘুৰাই দিয়া মা !
মা.. মোক শুবলৈ দিয়া  !
মোৰ মুৰত হাত থৈ
তাহানিতে যে গাইছিলা
"আমাৰে মইনা শুৱ য়ে"
আজি আকৌ এবাৰ গাবা,
মই চিৰদিনৰ বাবে শুই থাকিম
মা...... .... ...
ইতি,
তোমাৰ অতীতৰ মৰম ।‌।‌

By : Jintumani kalita
Sorbhog, barnagar

Comments

Post a Comment